• হিৰণ্য ডেকা
    ল'খণ্ডৱালা কমপ্লেক্স , অন্ধেৰী

    খোপোৰা কাগজবোৰ কেনেকৈ হেৰাল

    মোৰ ককাদেউতাই কোনোবা চৰকাৰী অফিচ এটাত গাড়ী চলাইছিল । ডেকাকালত বহুত ডাঙৰ ডাঙৰ চাহাবৰ লগত অফিছৰ কামত যোৱা, ক'ত চিকাৰ কৰিবলৈ চাহাবক লৈ যাওঁতে গাড়ীৰ হেডলাইট বেয়া হৈ হাবিৰ মাজত গোটেই ৰাতি গাড়ীত বহি থকা, এবাৰ মিজোৰামৰ লুংলেই নামৰ ঠাইলৈ যাওঁতে আগৰ গাড়ীখনত থকা বন্ধুজন পাহাৰৰ পৰা লুটি খাই পৰি চিন মোকাম নোহোৱা হোৱা , অফিছত গাড়ী থৈচাইকেল লৈ আহি থাকোতে কেনেকৈ ভূতে পালে ইত্যাদি ইত্যাদি কাহিনীবোৰ আমাক শুনোৱা আমাৰ মনত আছে । আমি ৰলাগি চাই থাকো ককাৰ মুখৰ আওঁ-ভাওঁ , শুনি শুনি কল্পনা কৰো একা বেকা ৰাস্তাবোৰ , ভূতৰ চেহেৰাবোৰ , মিজো পাহাৰৰ খাৱৈবোৰ , কাণেৰে হাত সুমুৱাই দি দাঙি ধৰিলে ফিছাটো মাটিত চুচঁৰি যোৱা মাছবোৰৰ কথা । অৱসৰ পোৱাৰ পিছত তেখেতে আমাক প্ৰায়ে কাহিনীবোৰ শুনাইছিল , আমিও আব্দাৰ কৰিছিলো আমাৰ প্ৰিয় কাহিনীবোৰ শুনাবলৈ । কাহিনীবোৰ শেষ হ'লে প্ৰায়েই কিবা নহয় কিবা এটা হুকুম আহি পৰিছিল - যা আগফালৰ বাৰান্ডাৰ পৰা খোপোৰা কাগজখন লৈ আহ , হৰেশৰ দোকানৰ পৰা দৌৰি গৈ চিৰা আধাসেৰ আন গৈ , চন্দৰৰ ঘৰলৈ গৈ কবি তামোল পাণ এযোৰা আৰু পাচঁ সিকি পইচা লৈ গধূলি মাতিছো বুলি । হুকুম মতে আমি দৌৰি থাকো ।

    ককা ঢুকুৱাৰ পিছত আৰু সেই কাহিনীবিলাক নোহোৱা হ'ল । এতিয়া মনত পেলাব খুজিলেও ভূতবোৰ দেখিবলৈ কেনে আছিল , কপলীয়া মুৰৰ বিষ জাৰি দিবলৈ পাচ সিকি পইচা লাগিছিল নে বাৰ অনা লাগিছিল , চুচঁৰি যোৱা মাছটো ধনশিৰীৰ নে জীয়াভৰলীৰ আছিল মনত নপৰে । সিদিনা হঠাত উপলব্ধি কৰিলো যে অকল কাহিনীবোৰেই নহয় আন কিছুমান বস্তুও লাহে লাহে হেৰাই গৈছে । ককাৰ শব্দবোৰ যেনেখোপোৰা কাগজ ( ককাই খবৰ কাগজক খোপোৰাকাগজ বুলি কৈছিল ) , এসেৰ , সিকি , আধলি , বাৰ অনা, এপিয়লা চাহ , মেজৰ ওপৰত থকা কলমটো এইবোৰটো আমি বহুদিন শুনাই নাই । আমি সৰুতে প্ৰায়ে শুনা বহুত শব্দ আজিকালি লাহে লাহে অপ্ৰচলিত হৈ আহিছে । কিছুমান শব্দ আকৌ স্কুলৰকিতাপতে পঢ়া , কওঁতে আমি কোনোদিন ব্যৱহাৰ কৰা নাই যেনে জলবায়ু , বন্দৰ , উতকৃষ্ট ইত্যাদি । মোৰ লগৰ এটাক এবাৰ ফোনত সুধিলো , তোৰ তাত বতৰ কেনেকুৱা । বন্ধুও বৰ ৰসিক , সি উত্তৰ দিলে নাতিশীতোষ্ণ । এনেকুৱা শব্দবোৰ আমি সাধাৰণ কথা বতৰাত ব্যৱহাৰ নকৰো । এনেকৈ ব্যৱহাৰ নকৰোতেনকৰোতে কিমান যে সহজ সৰল আমি বুজি পোৱা শব্দ লাহে লাহে নোহোৱা হৈ আহিছে এই কথাটো ভাবিব লগীয়া ।

    মই কলাকাতাতথকোতে কোনোবা এখন গ্ৰন্থমেলাত অসমীয়া কিতাপৰ দোকান কেইখনমান দেখিলো , বিচাৰি বিচাৰি কেইখনমান অসমীয়া কিতাপ কিনা হ'ল । তাৰে মাজত এখন আছিল বুঢ়ী আইৰ সাধু । সম্পাদকে বহু কষ্ট কৰি আজিৰ ল'ৰা ছোৱালীয়ে বুজিব পৰাকৈ প্ৰতিটো সাধুৰ শেষত এনেকুৱা আজিকালি অপ্ৰচলিত শব্দ কিছুমানৰ সমাৰ্থক শব্দৰ তালিকা দিছে । কথাটো দেখি ভাল পালো । তাৰমানে যিবিলাক শব্দৰ অৰ্থ আমাক আগেতে বুজাব লগা নহৈছিল ,আজিকালি অৰ্থ বুজোৱাৰ প্ৰয়োজন বাৰুকৈয়ে আহি পৰিছে ।কথাটো ঠিক এপেণ্ডিক্সৰ লেখীয়া । এপেণ্ডিক্স আমাৰ তলপেটৰ সোঁফালে থাকে । আমাৰ পূৰ্বপুৰুষ ( মানে আদিমানৱ , ইতৰ বা বান্দৰ প্ৰজাতি ) ৰো এপেণ্ডিক্স আছিল , কিবা ঘাহজাতীয় বস্তু, গছৰ পাত আদিহজম কৰোতেএপেণ্ডিক্সৰ পৰা ৰস নিগৰি পাচন প্ৰক্ৰিয়াত সহায় কৰে । কিন্তু মানুহৰ ক্ষেত্ৰত এপেণ্ডিক্সৰ প্ৰয়োজন নাই , ঘাঁহ খোৱা বাদ দিয়াৰ পৰা এই অংগটো আমাৰ বাবে অলাগতিয়াল হৈ পৰিছে । কেতিয়াবাঅপেণ্ডিক্সে পেটৰ বিষ কৰে , বেছি বিষ কৰিলে আমি অপাৰেছন কৰি তাক কাটিবাহিৰ কৰি দিওঁ।

    ঠিক তেনেকৈ ব্যৱহাৰ নহওঁতে নহওঁতে আমাৰ চিনাকী শব্দ কিছুমানো হেৰাই গৈছে যেন অনুভৱ হয় । সময়ৰ লগে লগে ভাষাই নতুন নতুন ৰূপ ল'বই , নহ'লে ভাষা বৰ্ত্তি থাকিবলৈ টান হ'ব । সংস্কৃত ভাষাটো হেনো বহুত আধুনিক ভাষাৰ জনক, দেৱ ভাষা , কিন্তু সময়ৰ লগে লগে সলনি নোহোৱাৰ বাবে আজি এই ভাষা অক্সিজেন দি জীয়াই ৰাখিব লগা অৱস্থা এটাহৈছে ।তাৰ অনুপাতেইংৰাজী ভাষাটোত হেনো প্ৰতিদিনে কিবা নহয় কিবা সলনি হৈ আছে , নিতৌ নতুন শব্দ যোগ হৈছে। অক্সফৰ্ড ডিক্সনাৰীৰকত্তৃপক্ষ সকলে কিন্তু প্ৰতিবছৰে গোটেই পৃথিৱীতে সমীক্ষা চলাই নতুনকৈ প্ৰচলন হোৱা শব্দবোৰক তেওঁলোকৰ অক্সফৰ্ড ডিক্সনাৰীত অন্তৰ্ভুক্ত কৰি আহিছে । কোনোবাই পদক্ষেপ লৈছে , গতিকে ভাষাটো মৰি যোৱাৰ প্ৰশ্ন নাই । আমাৰ নিজৰ ভাষাটোৰ ক্ষেত্ৰত কিন্তু শব্দবোৰ লাহে লাহে অপ্ৰচলিত হৈ নোহোৱা হৈ আহিছে । মোৰ বোধেৰে নতুন কোনো শব্দও অসমীয়া ভাষাত যোগ হোৱা নাই, আৰু অক্সকৰ্ডডিক্সনাৰীৰ দৰে কোনো কত্তৃপক্ষও নাই দায়িত্ব বহনৰ বাবে । আজিকালি অসমীয়া পঢ়িব নজনা অসমীয়াৰ সংখ্যা বহুত বেছি , মোৰে চিনাকী বহুখিনি আছে । ককা নাই , খোপোৰা কাগজ , সেৰ , সিকি , আধলি আদিও নাই । ভাষাটো এপেণ্ডিক্সৰ দৰে কাটি পেলাব লাগিব নেকি ?ভাবিবৰ থল আছে ।

  • জ্যোতিৰূপম দত্ত
    হাতীশিলা, চন্দ্ৰপুৰ, গুৱাহাটী

    যন্ত্ৰ-মানৱ (গল্প)

    -- "মনে মনে থাক ! মই তোৰ সকলো কথাই জানো !"

    তৰ্জনী আঙুলিটো টোৱাই সোতৰ বছৰীয়া ল'ৰাটোৱে সদ্য অৱসৰপ্ৰাপ্ত বাপেকক ধমকি দি ৰাতিপুৱাই মটৰ চাইকেলখন লৈ ওলাই গৈছিল ৷ কেইবছৰমান আগলৈকে এক ধুৰ্ত, দুৰ্নীতিপৰায়ণ চৰকাৰী চাকৰিয়াল ৰূপে পৰিগণিত হোৱা লোকজনে এতিয়া সদ্য যৌৱনপ্ৰাপ্ত পুতেকৰ দৃষ্টিকটু আস্ফালন তললৈ মুৰ কৰি শুনি থাকিব লগা অৱস্থা হৈছে ৷ সিদিনালৈকে সকলোৰে আগত দপদপাই থকা পৰম প্ৰতাপী মানুহজন যেন ক্ষন্তেকতে এক আবৰ্জনালৈ পৰিণত হ'ল ৷ চাকৰিৰ কালছোৱাত সোঁৱে-বাৱে তেখেতে বহু টকাই আৰ্জিলে ৷ তেখেতে এসময়ত ঘোকোট গাওঁ এখনৰ অভাৱগ্ৰস্ত ঘৰ এখনৰ পৰা আহি অশেষ কষ্টৰে চহৰত খোপনি পুতিছিল ৷ তীব্ৰ উচ্চাকাংখা থকা মানুহজনে সময় বাগৰাৰ লগে লগে এসময়ত কষ্টেৰে অৰ্জা চাকৰিটোৰ দৰমহাখিনিৰ উপৰিও নানা অসাধু প্ৰক্ৰিয়াৰে পইছা ঘটাকে একমাত্ৰ লক্ষ্য কৰি লৈছিল ৷

    সি সৰুৰে পৰাই পিতৃৰ অসৎ উপাৰ্জনৰ উৎস দেখি আহিছে ৷ সি বুজিব পৰা হোৱাৰ পৰাই গম পাইছে যে তাৰ পিতৃ হ'ল সমাজৰ ঘৃণনীয় ব্যক্তিসকলৰ মাজৰে এজন ৷ ঘোচৰ টকাকেইটাৰ বাবে বাঁৰী দুখুনীকো ৰেহাই নিদিয়া এজন দয়ামমতাহীন ব্যক্তি ৷ চাৰিত্ৰিক স্খলনৰ কথা নকলোৱেই বা !

    অভাব কি বস্তু সেইটো সি কাহানিও অনুভৱ নকৰিলে ৷ সি সৰুৰে পৰা টকা পইছাৰে কিনিব পৰা সকলো বস্তুৱেই পাইছিল ৷ হয়তো এইবোৰেই তাক লাহে লাহে এজন অনুশাসনহীনতাই কোঙা কৰা এজন ল'ৰাত পৰিণত কৰি পেলালে ৷ এসাঁজ ভাত নাখাও বুলি দিয়া এটা ধমকিত সি এখন তিনিলাখটকীয়া মটৰ-চাইকেল পাইছিল ৷

    সৰু থাকোতে তাক আইতাকে ৰূপকথাৰ দৰে কাহিনী শুনাইছিল, তাৰ দেউতাকহঁতে দিনে দহ কিলোমিটাৰকৈ খোজ কাঢ়ি হাইস্কুললৈ অহা যোৱা কৰা কথা, পঢ়াৰ খৰচ যোগাবলৈ বাৰীৰ ঢাপত কৰা জলকীয়া, বেঙেনাৰ খেতিৰ কথা, এসময়ত অভাৱে জুৰুলা কৰা ঘৰখনৰ কথাবোৰ ৷

    বাহিৰা কিতাপ পঢ়া, খেলা-ধুলা কৰা, গানৰ চৰ্চা আদিবোৰ তাৰ বাবে লাহে লাহে অপ্ৰাসংগিক যেন হৈ পৰিছিল ৷ সি একে বয়সৰ, একে মানসিকতাৰ কেইটামান বন্ধু গোটাই লৈ নিচা কৰিবলৈ আৰম্ভ কৰিলে ৷ প্ৰথমে ক্ষণিক আনন্দৰ বাবে, পাছলৈ সকলো পাহৰিবৰ বাবে ৷ মদ, ভাং, ড্ৰাগছ, ডেনড্ৰাইট একো বাদ নিদিলে ৷ সি লাহে লাহে যেন মানসিকভাৱে পংগু হৈ আহিবলৈ ধৰিলে ৷

    অধ্যৱসায়ী তথা সফল ব্যক্তি সকলৰ কথা মনৰ পৰা সাৱধানে আতৰাই উচ্চশিক্ষিত নিবনুৱা সকলৰ কথাবোৰে সৰ্বক্ষণ তাৰ মনোজগতখন আছন্ন কৰি ৰখা হ'ল ৷ কিয়নো পঢ়িব লাগে বাৰু ? টকা থাকিলেই দেখোন ডিগ্ৰী কিনিব পাৰি ? ডিগ্ৰী বিক্ৰী কৰা বজাৰখনৰ দেখোন সদায় বিজ্ঞাপন দেখা যায় ৷ দিনটোত দেখোন দহটা এছ এম এছ বা দহখন ই-মেইল আহে, শাক-পাচলিৰ বেপাৰীয়ে চিঞৰাৰ দৰে, ডিগ্ৰী লাগে ডিগ্ৰী ? চাকৰিও কিনিব পাৰি সহজেই ৷ কেৰাণী, মহৰীৰ পৰা প্ৰশাসনিক বিষয়া পদলৈকে দেখোন কিনিব পাৰি ৷ সাধাৰণ কনিষ্টবলৰ পৰা বিষয়াৰ পদলৈকে সকলো কিনিব পাৰি দেখোন ৷ কেবল পইছা থাকিলেই হ'ল ৷

    তাৰ মনস্তত্বত অপৰাধ প্ৰৱনতাও প্ৰায়েই আহে ৷ স্বাভাবিকভাৱেই ডেকা তেজত 'এড্ৰিনেলিন ৰাশ্ব' আহে ৷ পাহাৰ বগোৱা, সাঁতোৰা, ট্ৰেকিং ইত্যাদি দুঃসাহসিক ক্ৰীড়াত ভাগ লোৱাটো দুৰৰে কথা, এইবোৰ কথা সি মনলৈয়ে নানে ৷ এইবোৰৰ সলনি সি জোৰেৰে মটৰ চাইকেল চলায়, মাৰ-পিট কৰে অথবা কেতিয়াবা একোৱেই কৰিবলৈ নোৱাৰিলে নিচাগ্ৰস্ত হৈয়েই এনেবোৰ ইচ্ছাক দমাই থয় ৷

    অপৰাধ কৰাৰ বাবেও সি অকণো কুণ্ঠিত নহয় ৷ অপৰাধ বুলি জানি শুনিও যিকোনো কামেই কৰিবলৈ সি যেন সদা প্ৰস্তুত হৈ থাকে ৷ কিয়নো ভয় কৰিব লাগে বাৰু ? পইচা থাকিলে যে প্ৰশাসনকো কিনিব পাৰি, বিষয়াক কিনিব পাৰি, সকলো মেনেজ হৈ যায়, সি জানে ৷ যিদৰে এহেজাৰ টকা জামিন হিচাপে পৰিশোধ কৰিব নোৱাৰি বছৰৰ পিছত বছৰ জেলত পচি থকা বহু লোক আছে তেনেদৰে গুলী, বোমাৰে শই শই নিৰীহ মানুহ হত্যা কৰি তথাকথিত 'বিপ্লৱী'য়ে আৰামত জেলৰ বাহিৰত গামোছা বুটলি থকাও সি দেখিছে ৷ একোলৈকে ভয় নালাগে তাৰ ৷ আইন-আদালতৰ ভয় কেৱল সাধাৰণ মানুহৰ বাবেহে ৷

    নিজৰ শৰীৰৰ প্ৰতিও অকণো মোহ নাই তাৰ ৷ সি দেহৰ বিভিন্ন জেগাত টাটু কৰি, পিয়েৰচিং কৰি লৈছে ৷ তীব্ৰ গতিত মটৰ চাইকেল চলাবলৈ, সাধাৰণ কথাতে মাৰ-পিট, কাজিয়া কৰিবলৈও ভয় নকৰে সি ৷ দুৰ্ঘটনা বা মাৰ-পিট কৰি ঘুণীয়া হলেও একো চিন্তা নাই ৷ পইচা থাকিলে উচ্চ মানৰ চিকিৎসা সেৱা উপলব্ধ, সেয়া সি ভালকৈ জানে ৷ পইছা থাকিলে কিডনীও কিনিবলৈ পাৰি ৷ একো চিন্তা নাই ৷

    তাৰ হাতত সৰুৰে পৰাই এসোপা যন্ত্ৰ তুলি দিয়া হৈছিল ৷ পিয়নৰ ল'ৰা, চকীদাৰৰ ল'ৰা, মিস্ত্ৰিৰ ল'ৰা, অন্য ধৰ্মৰ ল'ৰা, 'ট্ৰাইবেল'ৰ ল'ৰাৰ লগত খেলিব নালাগে, এইবোৰ কথা তাৰ কেঁচা মগজুত সৰুতেই সুমুৱাই দিয়া হৈছিল ৷ এইবোৰ অনৰ্থক বাধ্যবাধকতাৰ বাবে এসময়ত সংগীহীন হৈ সময় কটাবলৈ যন্ত্ৰৰ লগতে খেলি সি ডাঙৰ হ'ল ৷ পিতৃ-মাতৃয়ে নিজৰ সময় নথকাৰ দোহাই দি হাতত এসোপা যন্ত্ৰ তুলি দিছিল ৷ তেনেদৰে ডাঙৰ হোৱা এটা 'যন্ত্ৰ-মানৱ'ৰ মাজত তেজ মঙহৰ সম্পৰ্ক বিচাৰিবলৈ গলে কোনোবাই পাব জানো ? কোনো দিনে কষ্ট কৰি নোপোৱা, ভোক কি নজনা প্ৰজন্ম এটাৰ তাৰ নিচিনা প্ৰতিনিধি এটাৰ বাবে অনুভুতিহীন হোৱাটো একেবাৰে সাধাৰণ কথা ৷

    এই যুগত এটা অন্ধকাৰ বন্ধ কোঠাৰ দিনটোৰ অধিকাংশ সময় কটাই ছ'চিয়েল নেটৱ'ৰ্কিং ছাইটৰ এখন বিভ্ৰান্ত পৃথিৱীকেই সঁচা বুলি ধৰি লোৱাজনৰ মনত আত্মহত্যা কৰাৰ প্ৰৱনতা জগাই তোলাৰ বাবে এটা 'লাইক' কমকৈ পোৱা কিম্বা কাৰোবাৰ এটা অসাৱধান মন্তব্যই যথেষ্ঠ ৷ আজি-কালিৰ শিশুৰ বাবে ৰাতিৰ তৰাভৰা আকাশ দেখা, জোনাক দেখা, সতেজ ফুল এপাহ চুই পোৱা, গান এটা শুনা, সাধুকথাৰ মায়াজালত আছন্ন হৈ পৰা কথাবোৰ মাথো কল্পনাহে ৷ মাক বাপেকবোৰ যেন টকা ঘটা এটা যন্ত্ৰহে ৷ কাজেই সৰল নিস্পাপ শিশুবোৰো মাক বাপেকৰ বাবে সফলতাৰ শিখৰলৈ উঠাৰ বাবে এটা যন্ত্ৰহে হৈ পৰে !

    "ফেমাচ হোৱা ! আনে অমুক হৈছে, তুমিও হ'ব লাগিব ! পইছাৰ চিন্তা নাই ! অমুকৰ দৰে নহলে দিগদাৰ আছে কিন্তু !"

    আজি কালিৰ অভিভাৱকে এনেধৰণৰ কথাৰেই ভাবুকি দিয়ে ৷ কথাই প্ৰতি প্ৰতিযোগিতাৰ সুৰ ৷ শিশু এটিৰ কোমল মনত উঠা ভাৱৰ বুৰবুৰণিবোৰলৈ দৃষ্টি দিয়াৰ কাৰো আগ্ৰহ নাই ৷ তাৰ পিতৃ-মাতৃও এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিল ৷

    আজিৰ শিশু মানে দেশৰ ভবিষ্যতৰ বাবে এজন সুস্থ, সুঠাম সুনাগৰিক হোৱাৰ সলনি আজিৰ অভিভাৱকসকল যেন ব্যস্ত হৈ পৰে মেদবহুলতা অথবা পৰিপুষ্টিহীনতাই কোঙা কৰা এটি যন্ত্ৰ-মানৱ গঢ় দিয়াৰ বাবেহে ৷ আজিৰ মধ্যবিত্ত, উচ্চবিত্ত শ্ৰেণীৰ অধিকাংশ শিশুৱেই হ'ল গাত ৰ'দ বতাহ লাগিব নিদিয়া, অকণো শাৰীৰিক কচৰৎ নকৰা, সতেজ বতাহ, সতেজ খাদ্যৰ পৰা বঞ্চিত এজাক যেন পৰাধীন প্ৰজন্মৰ প্ৰতিনিধি ৷ সি তেনেকুৱা পৰিস্থিতিতেই ডাঙৰ হৈছিল ৷ এতিয়া সেই ল'ৰাটোলৈ অৱসৰপ্ৰাপ্ত অভিভাৱকজনে ভয় কৰা হ'ল ৷ সি লাহে লাহে কথা ক'মকৈ কোৱা হ'ল ৷ বাপেকৰ দোষবোৰ আঙুলিয়াই দি গালি পাৰিবলৈ অকণো দ্বিধাবোধ নকৰা হ'ল ৷ মাক বাপেকক 'বুঢ়ীজনী' , 'বুঢ়াটো' বুলি কৈ বা কিবা উপলুঙাসুচক মন্তব্য দিয়াতো তেনেই সাধাৰণ কথা ৷

    কিন্তু ফিনিষ্ক পখীৰ দৰে পৰিবৰ্তিত পৰিস্থিতিৰ ভগ্নাৱশেষৰ জুইৰ মাজৰ পৰাও জন্ম হৈছে অলেখ উজ্জ্বল ভবিষ্যতৰ নৱ-প্ৰজন্মৰ ৷ অলেখ নতুন মহীৰূহে যেন খোপনি পুতিছে ৷ নৈৰাজ্যৰ মাজতো বহুতো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যায়তনিক দিশত নিয়মানুৱৰ্তিতাৰ পৰিচয় দি দোপতদোপে আগবাঢ়িছে ৷ পিছে সি এইবোৰৰ মাজত নাই ৷

    প্ৰতিবেশী, আত্মীয় সকলোৱে কোৱাকুই কৰে, সি বেয়া হ'ল, বেয়া সংগত পৰি ল'ৰাটো নষ্ট হ'ল ইত্যাদি কথা ৷ নতুন প্ৰজন্ম বিপথে গ'ল বুলি বহুতে হামৰাও কৰে, পিছে উদণ্ড উতনুৱা ছাত্ৰ-ছাত্ৰীক নিয়ন্ত্ৰণ কৰি তথা নতুন প্ৰজন্মৰ ক্ৰমবৰ্ধমান অসহিঞ্চুতাৰ কাৰকবোৰ চিহ্নিত কৰি সেইবোৰ দুৰ কৰাৰ বাবে আগবাঢ়ি অহা লোক খুব কম ৷

    পিছে সময় থাকোতেই কিজানি এইবোৰ কৰাটো উচিত হ'লহেতেন ৷ তাৰ অযুক্তিকৰ আব্দাৰবোৰ পিতৃ-মাতৃয়ে মানি নললেই হয়টো ভাল আছিল ৷

    মৰমলগা মুখৰ উদণ্ড ল'ৰাটোক সঠিক সময়ত শাসন কৰিলে হয়তো আজি তাৰ ৰক্তাক্ত মৃতদেহটো এনেদৰে ফুলেৰে ঢাকি চোতালত শুৱাই থ'ব নালাগিলহেতেন ৷

  • ত্ৰিদিব জে. বৰা
    মিৰা ৰোড, থানে, মহাৰাষ্ট্ৰ

    আলাপ (কবিতা)

                                        ১

    নিৰৱতাৰ সৈতে সহবাস মোৰ আজন্ম অভ্যাস,
    অথবা হ'ব পাৰে মোৰ নিৰ্বোধ লাজ।
    মনৰ ভোকত মই উন্মাদ ক্ৰমশঃ
    কুঁৱলীয়ে ঢাকি থয় সেউজীয়া শব্দ
    তাতেই ডেউকা কোবাই মোৰ সোণালী সময়....নিৰ্বাক নিঃশদ্ধ,
    মই যেন শিল্প
    দেহে মনে মোৰ ৰং আৰু তুলিকাৰ স্পৰ্শ।

                                        ২

    শব্দ.....
    জীৱনৰ অৰ্থ আব্দ্ধ বৰ্ণময় চন্দ,
    স্পৰ্শত মূৰ্ত স্বপ্নৰ ভাৰ্স্কয্য।
    অবগুণ্ঠিত মন পল অনুপল সৃষ্টিৰ সন্ধান.....
    শব্দ সন্ধান।

                                        ৩

    যৌবনৰ দোকমোকালিৰ উজাগৰী নিশা বোৰত
    মগ্ন হৈ ঘূৰি ফুৰে আত্মা,
    নিজৰ জীৱন জুৰি যাৰ সত্তা
    তাৰ সন্ধানত এই যাত্ৰা।

  • মাধুৰ্য্য গগৈ
    গোৰ্বন্দৰ ৰোড, থানে, মহাৰাষ্ট্ৰ

    বাকৰিত বিহু পাতিমেই

    বাকৰিত আজি নিমাও মাও নিশাৰ আৱেশ,
    সন্দিহান হৈ পৰিছে নঙলা মুখৰ আবেলিও ৷
    শেৱালী জনী সৰি সৰি শেষ হ'ব ধৰিছে,
    যেন শুকান বালি ঘৰ, এজাউৰি বিছিন্ন সপোন ৷

    চন্দা মৃত দেখিছা নেকি? খাই পাইছা ?
    বাকৰিত হেনো ,
    মৃতপ্ৰায় জোনৰ শেষ হাঁহি বিক্ৰী কৰা হৈছে ৷
    ৰাতিৰ দামত ৷
    যেন নগ্ন সমাজ, মগ্ন মদিৰাত নষ্ট জীৱন ৷

    সেইযে বাকৰি, কিয় ?
    য'ত বাৰে বাৰে ধৰ্ষিত হৈছিল সপোন জাক ৷
    মৃত জোনৰ কালিমা, অস্থায়ী সমবেদনা,
    ফটা কম্বলেৰে ঢাকি ৰখাৰ অপ্ৰাণ প্ৰচেষ্টা ৷
    যেন ভদীয়াবান, গোহালিত খেতিয়কৰ প্ৰাণ ৷

    বাকৰিত হেনো বিহু পাতিব, চান্দাও তুলিব ৷
    ঘুৰাই আনিব যৌৱন, শুকান বালি ঘৰলৈ ৷

    কি কৈছা?
    শেৱালীৰ কি হ'ব ? মৃতপ্ৰায় জোনৰ একা ?
    ফটা কম্বলৰ জোনাক কলৈ যাব ?
    কি হ'ব গোহালীৰ সপোন ?

    শেৱালী লুপ্ত যাওক, বণিক মাতিম ৷
    জোন মৰক, মৰা জোনৰ টেঙা জোল খাম ৷
    কম্বল মৰিশালিত দিম, ঢেকীয়া হ'ব ৷
    গোহালিত সপোনেৰে আকৌ বালি ঘৰ সাঁজিম ৷

    বাকৰিত বিহু পাতিমেই ৷
    শেৱালী তেজিমলা হ'লে,
    চন্দামৃত খোৱাম ৷

  • মাধুৰ্য্য গগৈ
    গোৰ্বন্দৰ ৰোড, থানে, মহাৰাষ্ট্ৰ

    মুম্বাই লাইভ: দেওবৰীয়া বজাৰ

    অন্যদিনাৰ দৰেই শ্ৰীমতীয়ে অনুৰোধ, মানে হুকুম জাৰি কৰিলে। দেওবাৰে শ্ব'পিঙলৈ লৈ যাব লাগিব আৰু অন্যদিনাৰ দৰে মোৰ বাহানাও নচলিব হেনো। শ্ৰীমতীৰ অনুৰোধসূচক হুকুম শুনি মনতে ভাবিলো, চাল্লা আকৌ কামোৰ! মই যদি শ্ৰীমতীক শ্বপিংলৈ লৈ নাযাওঁ, কিমান ডাঙৰ অঘটন ঘটিব পাৰে বাৰু? মনতে তাকো এবাৰ জুঁকিয়াই চালো।শ্ৰীমতীয়ে মুখ উফোন্দাই থাকিব, ইট্‌ছ অ'কে। কাজিয়া কৰিব, ইট্‌ছ অ'কে। মুখেৰে নামাতিব, ইট্‌ছ অলছ' অ'কে। মাকৰ ঘৰলৈ গুচি যাব, অ'হ্‌ মাই গড! ইট্‌ছ ভেৰী ভেৰী অ'কে। ভাত নিদিয়াকৈ থাকিব, অ'হ্‌ ন'। ইট্‌ছ নট অ'কে। চাহ, ভাত বনাবলৈ যে কিয় ইমান বেয়া পাওঁ, আজিলৈকে নুবুজিলো। বিয়া কৰোৱাৰ আগলৈকে যেনে-তেনে কিবা এটা ৰান্ধি খাই শুই থাকিছিলো। অৱশ্যে বেছিভাগ সময় 'মেগী'য়েহে প্ৰাধান্য বিস্তাৰ কৰিছিল। অগত্যা দেওবাৰলৈ বুলি মূৰ জোকাৰিলো, সন্মতিসূচক। যি কি নহওক, নিজে ভাত ৰান্ধি খাব নোৱাৰি আৰু।

    শ্ৰীমতীৰ মতে বজাৰ আৰু শ্বপিংৰ পাৰ্থক্য আছে। বজাৰ মানে হ'ল ৰান্ধনীঘৰৰ সামগ্ৰী কিনা, য'ত কোনো চইচ নাই, কালাৰ ছিলেক্‌ছন নাই। সেইবাবে হেনো মজাও নাই। কিন্তু, শ্বপিং মানে তেওঁ যিবোৰ বৰ্ণনা দিব, আপুনি-মই শুনি থাকিব নোৱাৰিম। বেংকবোৰৰ উন্নতিত হয়তো শ্ৰীমতীৰ দৰে মানুহেই অনুঘটকৰ কাম কৰে।দেওবাৰটো যেন বৰ সোনকালেই আহি পৰিল। ৰাতিপুৱাই শ্ৰীমতীৰ কুচ্‌-কাৱাজ আৰম্ভ হ'লেই নহয়। শ্ৰীমতীৰ মনটো বহুত ভাল থকা যেন পালো। এটা মিচিকিয়া হাঁহিৰে মোক ৰাতিপুৱাৰ সম্ভাষণ জনাওঁতই মোৰ বুকুখনে চিৰিং কৰি উঠিল। বুজিলো আজি আৰু মোৰ ৰক্ষা নাই। ইফালে মাহৰ শেষ, তলি উদং হৈ আছে। তথাপি "মতাৰ কথা, শিলৰ ৰেখা" কথাষাৰৰ মান ৰাখি ওলালো শ্ৰীমতীক লৈ।

    সদ্য বিস্তাৰিত ৰিটেইল্ ব্যৱসায়ৰ অন্যতম হৈছে শ্বপিং ম'ল। অনেক কাৰুকাৰ্য্যবোৰ দেখি তাহানিৰ আমাৰ দেওবৰীয়া সাপ্তাহিক বজাৰখনলৈ মনত পৰি গ'ল। কিমান যে উত্‌সাহেৰে বাট চাই ৰৈছিলো, সেই বজাৰখনলৈ। অৱশ্যে প্ৰত্যেক দেওবাৰে বজাৰলৈ যোৱাৰ সুবিধাকন পোৱা নাছিলো। তেতিয়াৰ দিনবোৰত আমাৰ ঘৰৰ লাগতীয়াল প্ৰায় সকলোবোৰ বস্তুৱেই দেওবৰীয়া বজাৰখনৰ পৰাই অনা হৈছিল। বলধ গৰুৰ পৰা আৰম্ভ কৰি লিপ্‌ষ্টিকলৈকে, ছাই-মদৰ পৰা আৰম্ভ কৰি স্কুললৈ নিয়া কাপোৰৰ বেগটোলৈকে প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰীয়েই পোৱা গৈছিল আমাৰ দেওবৰীয়া বজাৰখনত। পিছে আমাৰ নিচিনা পিটিকলিবোৰৰ মূল আকৰ্ষণ আছিল বজাৰখনত উলিওৱা বিভিন্ন ধৰণৰ মিঠাই, বুন্দিয়া-ভুজিয়া, জেলেপীবোৰ। কোনোবা ডাঙৰৰ লগত গ'লে কেতিয়াবা খাবলৈ পাইছিলো। নহ'লে চকুৰ দৰ্শনতেই তৃপ্তি লৈ ঘূৰি আহিছিলো। মুঠতে সেয়া এক ভাল লগা নষ্টালজিয়া।

    ইতিমধ্যে শ্ৰীমতীয়ে ট্ৰলী এখনৰ আধামান ঠাই পূৰাই পেলাইছেই। শ্ৰীমতীৰ এটা বিশেষত্ব আছে। তেওঁ দৰকাৰী-অদৰকাৰী সকলো বস্তুৱেই কিনে। সুধিলে উত্তৰ দিয়ে যে এতিয়াই ব্যৱহাৰ নহ'লে পাছততো হ'ব। গতিকে একেবাৰতে কিনি থোৱাই ভাল। মানে যদি কোনো সামগ্ৰী এজনৰ বাবে যথেষ্ট, তেওঁ কিনিব 'ফেমিলি পেক'। মুঠতে শ্বপিং বেগকেইটামান হাতত নোলোৱাকৈ নাহে। মনতে হিচাপ কৰিলো, টি.এ.-ডি.এ. বিল অলপ পাবলৈ বাকী আছে। যেন-তেনে মাহটো জুৰিলেই হ'ল আৰু। শ্ৰীমতীলৈ লক্ষ্য কৰিলো, ছেহ্‌ নহয় হে নহয় দেখোন। ইমান দেৰি কিয় বিলিং কাউণ্টাৰৰ পৰা অহা নাই? ওচৰলৈ গৈ দেখিলো, হে হৰি! কিনো বুলিয়েইনো ইমান সোপা বস্তু কিনিব লাগে নে? এতিয়া এইবোৰ কোনে ভাৰ বব, ঘৰলৈকে? তাৰমানে কি আজিও?

    টিং-টং। চকুকেইটা মোহাৰি লৈ দেখা পালো, শ্ৰীমতীয়ে হাঁহি হাঁহি ৰৈ আছে। কামকৰা বাঈজনীয়ে ইতিমধ্যে ঝাৰু মৰা আৰম্ভ কৰিছে। মোক উদ্দেশ্যি শ্ৰীমতীৰ চিঞঁৰ, "ইমানকৈ শুইছা নে? জল্‌দি ৰেডি হোৱা। আজি 'ছান্‌ডে শ্বপিং'(দেওবৰীয়া বজাৰ)লৈ যাবলগীয়া আছে নহয়।"

    কৃষ্ণ প্ৰভূ ভগৱন্ত, তুমিহে জানা আৰু বুলি সোঁৱৰি বাথৰুমত সোমালো।

  • পলাক্ষী দৌলবৰুৱা
    গুৱাহাটী, অসম

    স্নেহ - বন্ধন (ছুটি গল্প)

    অনাথ আলয় খনত কস্তুৰীৰ কিছু বিশেষ দায়িত্ব আছে । ৰণ যেন সেই বিশেষ দায়িত্বৰে এক গুৰুত্বপুৰ্ণ অংশ। - তুমি নাপালেও আন কোনোৱাইতো পাব।এই কথাতেই তুমি সুখী নহবা জানো ৰণ ? বয়সত সৰু হলেও ৰণে বহু কথাই বুজি পায়। এদিন কস্তুৰীয়েই তাক বুজাইছিল। স্নেহ -বন্ধনত মানুহে বেছি ভাগ ছোৱালী সন্তানক থৈ যায়হি। আৰু স্নেহ - বন্ধনৰ শিশু বোৰক নিজৰ কৰি নিব বিছৰা ভাল মানুহবোৰৰ বেছি ভাগেই ছোৱালী শিশুৱেই লব বিছাৰে । - এনেকুৱা কিয় হয় বাৰু ? লৰা বোৰক ভাল মানুহ বোৰে বেয়া পাই নেকি ?- ৰণে জানিব বিছাৰিছিল। কস্তুৰীয়ে ৰণক মৰমেৰে আকোৱালি লৈ বুজাবলৈ চেষ্টা কৰিছিল - স্নেহ বন্ধনৰ লৰাবোৰ খুৱেই বিশেষ । তেওলোক ঈশ্বৰ পুত্ৰ। সেয়ে .... আহঃ কস্তুৰীয়ে আৰু বুজাব নোৱাৰে ৰণক।পিতৃ-মাতৃৰ মৰম কাক নালাগে বাৰু ? যি সেই মৰমৰ পৰা বঞ্ছিত হৈছে তাক বেলেগকৈ দুৰ্ভাগ্য অথবা সৌভাগ্যৰ কথাবোৰ বুজাব পাৰি জানো ? ৰণেও তো বিচাৰে তাকো কোনোৱে আকোৱালি লৈ পিতৃ - মাতৃ ৰ মৰম দিয়ক।

    কিছুপৰৰ পিছতে স্নেহ - বন্ধনলৈ এহাল স্বমী - স্ত্ৰী সোমাই আহিছিল। তেওলোকে বননিৰ ওপৰত কস্তুৰীৰ কাষত বহি থকা ৰণৰ হাতত চকলেট এটা গুজি দি আগুৱাই গৈছিল। ৰণৰ আজি অলপো বেয়া লগা নাই । তাৰ বাও হাত খন অলপ বেকা হলেও সি বিশেষ হব - মনতে ভাবিলে সি । মানুহহাল কিছুসময়ৰ পিছত ভিতৰৰ পৰা ওলাই আহিছিল। তেওলোকৰ কোলাত কণমানি চুমী।ৰণ আগুৱাই গল।চুমীৰ কণমানি হাতখনত সি এটা চুমা আঁ‌কি দিলে। ৰণৰ পৰিৱৰ্তনত স্নেহ- বন্ধনৰ সকলো আচৰিত হৈছিল।কস্তুৰীৰ চকুত তেতিয়া চকুপানী। সেইয়া সুখৰ নে দুখৰ তাই নাজানিলে।

  • Deepankar Malla Baruah
    Guwahati, Assam

    তেজ খোৱা গোসানী

    'কিয়? মন্দিৰৰ প্ৰসাদ তোক কিয় নালাগে'?

    'তেজ খোৱা গোসানীৰ প্ৰসাদ মোক নালাগে। বলিশালত বধ কৰা জন্তুৰ মঙহৰ প্ৰসাদ মই খাব নোৱাৰোঁ দেউতা'।

    মই তাহানিতে অভিনয় কৰা আকাশবাণী গুৱাহাটীৰ বুধবৰীয়া নাটক 'কৃষ্ণজন্ম'ৰ এই সংলাপ খিনি এতিয়াও পাহৰা নাই। নন্দ পুৰোহিতৰ অভিনয় কৰিছিল যুগজয়ী অভিনেতা দিলীপ শৰ্মাই। ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতে অভিনয় কৰা এইখন নাটকৰ সংলাপে মোৰ কৈশোৰ মনটো তীব্ৰভাৱে আলোড়িত কৰিছিল।

    গোসানীয়ে তেজ খাব পাৰেনে? তেজ খোৱা ভগৱান থাকিব পাৰেনে? এই প্ৰশ্নটোৱে বাৰে বাৰে আহি মূৰত খুন্দিয়াইছিল।

    শিশুকালতে দুৰ্গাপূজাৰ সময়ত উগ্ৰতাৰা মন্দিৰত দেখা পাইছিলোঁ ম'হ বলিৰ নাৰকীয় দৃশ্য। চিকচিকাই থকা তৰোৱাল এখনেৰে একে ঘাপতে বলিশালত দুচেও কৰা ম'হটোৰ মৃত্যুকাতৰ আৰ্তনাদ আৰু মুণ্ডহীন শৰীৰৰ ধৰফৰনি দেখি শিয়ঁৰি উঠিছিলোঁ। তেজ বৈ থকা ম'হ ছাগলীৰ কটা মূৰবোৰ পূজাৰ আসনত সজাই থোৱা দেখি মূৰ আচন্দ্ৰাই কৰিছিল। তেতিয়াই ঘৃণা উপজিছিল জীৱ জন্তু বধ কৰি ভগৱানক সন্তুষ্ট কৰা এই নাৰকীয় প্ৰথাৰ প্ৰতি।

    আকৌ দুৰ্গাপূজা আহিছে। আকৌ হয়তো বহুত মানুহে জীৱ বলি দি ভগৱানক সন্তুষ্ট কৰাৰ সংকল্প লৈছে। কামাখ্যা, উগ্ৰতাৰা, বিল্বেশ্বৰ আদি মন্দিৰ আকৌ ৰাঙলি হ'ব নিৰ্বোধ জীৱৰ তেজেৰে। জীৱশ্ৰেষ্ঠ মানুহৰ এই পাশৱিক কাৰ্যত হয়তো হতভম্ব হ'ব সৰগৰ দেৱতাও।

    এই কথা স্বীকাৰ্য যে, জীৱ জন্তু বলি দি ঈশ্বৰক সন্তুষ্ট কৰাৰ পৰম্পৰা আদিম যুগৰ পৰা চলি আহিছে। সেয়েহে বিশ্বৰ প্ৰায় প্ৰতিটো পুৰণি ধৰ্মতে জীৱ জন্তু বলিৰ কথা পোৱা যায়। মন কৰিবলগীয়া কথা হ'ল যে, যিসময়ত বিশ্বৰ প্ৰধান ধৰ্ম সমূহ বিকশিত হৈছিল, সেই সময়ত পশুপালন মানুহৰ একপ্ৰকাৰৰ মুখ্য জীৱিকা আছিল। সেয়েহে একোটা জন্তুৰ বলিদান চৰম ত্যাগ হিচাপে বিবেচিত হৈছিল। সেই সময়ত মানুহে প্ৰাকৃতিক শক্তি সমূহৰ দ্বাৰা ভীষণভাৱে প্ৰভাৱিত হৈছিল আৰু সেয়েহে ভগৱানৰ নামত জীৱ জন্তুৰ উচৰ্গা আৰু ত্যাগ কৰাটো ঈশ্বৰক সন্তুষ্ট কৰাৰ এক উপায় বুলি ভাবিছিল। কিন্তু অতি পৰিতাপৰ কথা য়ে সেই আদিম যুগৰ পৰা বহুদূৰ আগবাঢ়ি বিজ্ঞান প্ৰযুক্তিৰ জখলাৰে বহুদূৰ উধাই অহাৰ পিছতো এতিয়াও ঈশ্বৰৰ নামৰ জীৱ জন্তুৰ বলি প্ৰথা চলি আহিছে।

    হিন্দু ধৰ্মীয় মতবাদৰ প্ৰাচীনতম গ্ৰন্থ বেদ সমূহতো জীৱজন্তুৰ বলিৰ প্ৰথা সন্নিৱিষ্ট আছে। ৰিগ্‍বেদত ছাগলী বলি দিয়াৰ সময়ত উচ্চাৰণ কৰা মন্ত্ৰৰ বিষয়ে পোৱা যায়। সেইদতে যজুৰ্বেদত ছাগলী, ম'হ, ষাড়, ঘোঁৰা আদিৰ বলিৰ উল্লেখ আছে। কিন্তু ভাগৱত পুৰাণত কোৱা হৈছে যে কলিযুগত জীৱ জন্তুৰ বলি দিয়াটো মহাপাপ। সেয়েহে ব্ৰহ্ম বৈৱৰ্ত পুৰাণ, বৃহন্নাৰদীয় পুৰাণ, আদিত্য পুৰাণ আদিতো কলিযুগত জীৱ জন্তুৰ বলি নিদিবলৈ সঁকীয়াই দিয়া হৈছে। ভাগৱত গীতাত বলিবিধানৰ কোনো উল্লেখ নাই।

    কিন্তু হিন্দু ধৰ্মত বিভিন্ন জনজাতীয় দেৱ দেৱীৰ পূজা অন্তৰ্ভুক্ত হোৱাৰ পিছত শক্তি পূজাৰ ধাৰণাটোৱে জনপ্ৰিয়তা লাভ কৰিলে। শক্তিৰ আৰাধনাৰ লগত জীৱ জন্তুৰ উচৰ্গাৰ প্ৰথা জড়িত হৈ পৰিল। বিভিন্ন শক্তিৰ আৰাধনা স্থলত জীৱ জন্তু আৰু চৰাই চিৰিকতিৰ বলি প্ৰথা আৰম্ভ হ'ল। পশ্চিম বংগ আৰু অসমত দুৰ্গা আৰু কালী পূজাৰ সময়ত বহুতো মন্দিৰত বলিকাৰ্য সম্পাদিত হয়। তমিলনাডু আৰু মহাৰাষ্ট্ৰৰ কিছুমান গাৱঁতো বলি প্ৰথা প্ৰচলিত হৈ আছে। ওড়িষাত বালি যাত্ৰা, ঘুচুৰি পূজা আদি উত্সৱতো জীৱ জন্তু আৰু চৰাই চিৰিকতি বলি দিয়া হয়। নেপালৰ গাধীমাই মন্দিৰত প্ৰতি বছৰে তিনিদিনীয়া মেলাত লাখৰ হিচাপত জীৱ জন্তু বলি দিয়া হয়। সেইদৰে কিছুমান লোকসংস্কৃতিতো জীৱ জন্তু বধৰ প্ৰথা আছে। অসমত মাঘ বিহুৰ সময়ত খেলোৱা বুলবুলি চৰাইৰ যুঁজ, ম'হ যুঁজ আদিতো জীৱ জন্তু মৃত্যু মুখত পৰে।

    ইছলাম ধৰ্মৰ পৱিত্ৰ উত্সৱ ঈদ-উজ-জোহাত জীৱ জন্তুৰ কোৰবানি দিয়া হয়। এই বছৰ ঈদত বাংলাদেশৰ ৰাজধানী ঢাকাত জীৱ জন্তুৰ তেজৰ নৈ বৈ যোৱাৰ দৃশ্য সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল। ঈদৰ কোৰবানিৰ পিচতে অহা এজাক বৰষুণে ঢাকাৰ এটা অঞ্চলত তেজৰ বন্যা সৃষ্টি কৰিছিল। এই ঘটনাটোৱে বহুতো মানুহক জোকাৰি গৈছিল। ঈশ্বৰৰ নামত আমি জীৱশ্ৰেষ্ঠ মানুহে জীৱ জন্তুৰ তেজৰ নৈ বোৱাই দিয়াৰ অধিকাৰ আছেনে?

    খ্ৰীষ্টধৰ্মী লোকসকমৰ মাজতো ইষ্টাৰৰ সময়ত ছাগলী, ভেড়া আদি বলি দিয়াৰ প্ৰথা প্ৰচলিত আছে।

    ভাৰতত জীৱজন্তুৰ বলি প্ৰথাৰ বিৰুদ্ধে বিভিন্ন জীৱ জন্তু প্ৰেমী সংগঠনে প্ৰতিবাদ কৰি আহিছে। বিভিন্ন সমাজসেৱী সংগঠনে ঈশ্বৰৰ নামত জীৱ হত্যা নকৰিবলৈ গোহাৰি জনাই আহিছে। তেনে কিছুমান সংগঠনে বলি প্ৰথা বন্ধ কৰিবলৈ আদালতৰ দ্বাৰস্থও হৈছে। হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে ২০১৪ চনত দিয়া এটা ৰায়ত হিন্দু মন্দিৰ সমূহত বলি প্ৰথা বন্ধ কৰিবলৈ আৰক্ষী আৰু প্ৰশাসনকৈ পৰামৰ্শ আগবঢ়াইছে। আদালতৰ ৰায়ত কোৱা হৈছে যে আধুনিক সময়ত ঈশ্বৰৰ নামত জীৱ জন্তুৰ বলিদানৰ দৰে প্ৰাচীন, বৰ্বৰ প্ৰথাৰ অৱসান হোৱা উচিত। কিন্তু ২০১৫ চনত উচ্চতম ন্যায়ালয়ে এখন জনস্বাৰ্থ জড়িত আবেদনৰ এইবুলি ৰায় দিয়ে যে শতিকাজুৰি চলি থকা ধৰ্মীয় আবেগ অনুভূতি জড়িত থকা বলি প্ৰথা বন্ধ কৰিবলৈ আদালত অপাৰগ, কাৰণ এনে কাৰ্যই সামাজিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। মনকৰিবলগীয়া যে 'জীৱ জন্তুৰ প্ৰতি হিংসা প্ৰতিৰোধ' (cruelty to animal act) আইন খনতো ধৰ্মীয় কাৰণত জীৱ জন্তুৰ বলিদানক শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হোৱা নাই।

    বিভিন্ন জাতি, ধৰ্মৰ লোকে বাস কৰা দেশ ভাৰতত কোনো লোকৰ ধৰ্মীয় আবেগ অনুভূতিত আঘাট হানিব পাৰে বুলিয়েই হয়তো আদালতে ধৰ্মীয় কাৰণত জীৱ জন্তুৰ বলিদান প্ৰথাৰ বিৰুদ্ধে ৰায় দিয়া নাই। কিন্তু আজিৰ সময়ত শিক্ষিত, জনা বুজা মানুহে ধৰ্মীয় কাৰণত জীৱ জন্তুৰ হত্যাৰ বিৰুদ্ধে মাত মতাৰ প্ৰয়োজন হৈছে। এই কথাও সত্য যে কেৱল মানুহৰ খাদ্য হিচাপে যোগান ধৰিবলৈকে দৈনিক বিশ্বজুৰি লাখ লাখ জীৱ জন্তু আৰু চৰাই চিৰিকতি বধ

    কৰা হয়। তাৰ তুলনাত ধাৰ্মিক কাৰণত বধ কৰা জীৱ জন্তু আৰু চৰাই চিৰিকতিৰ সংখ্যা হয়তো তেনেই নগন্য। ধাৰ্মিক বলিদানত মৃত্যু হোৱা জীৱ জন্তু খিনিয়ে হয়তো জীৱ জগতৰ সন্তুলনতো কোনো প্ৰভাৱ নেপেলায়। কিন্তু আমি নিজৰ ন্যস্ত স্বাৰ্থৰ বাবে ঈশ্বৰক সন্তুষ্ট কৰাৰ নামত এই জীৱ জন্তু বোৰ নিৰ্দয় ভাৱে হত্যা কৰাটো উচিতনে? আজিৰ আধুনিক যুগত জন্তু এটাৰ হত্যাৰ দ্বাৰা ঈশ্বৰ সন্তুষ্ট হ'ব বুলি কৰা ধাৰণাটো কিমান যুক্তিযুক্ত? যি ঈশ্বৰে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড আৰু জীৱকুল সৃষ্টি কৰিছে বুলি ভবা হয়, সেইজন ঈশ্বৰে নিজেই সৃষ্টি কৰা এবিধ জীৱৰ তেজেৰে সন্তুষ্ট হোৱাটো সম্ভৱনে?

    যিসকলে এইবাৰ দুৰ্গা পূজাত জন্তু বলি দিয়াৰ মানস কৰি থৈছে, তেওঁলোকলৈ বিনম্ৰ অনুৰোধ, অনুগ্ৰহ কৰি এইবাৰ পূজাত ঈশ্বৰৰ নামত জীৱ হত্যা কৰাৰ পৰা বিৰত থাকক। তাৰ সলনি এটা জীৱ ভগৱানৰ নামত উচৰ্গা কৰি সেই জীৱটো ভালদৰে জীয়াই ৰখাৰ দায়িত্ব লওক। হত্যা কৰাতকৈ প্ৰতিপালন কৰাৰ মূল্য বহুত বেছি। যদি দুৰ্গাদেৱীক সন্তুষ্ট কৰিবলৈ কিবা ত্যাগ কৰিবই লাগে, নিজৰ এটা বেয়া স্বভাৱ ত্যাগ কৰক, কিবা এটা নিচা বিসৰ্জন দিয়ক।

    এইবাৰ আমাৰ পূজাৰ থলী তেজেৰে ৰাঙলী নকৰোঁ বুলি সংকল্প লওঁ আহক। দুৰ্গা দেৱীক তেজ খোৱা গোসানী হিচাপে নহয়, শক্তিদায়িনী দেৱী মাতৃৰ ৰূপত পূজা কৰিলে হয়তো দেৱী অধিক সন্তুষ্ট হ'ব।