"মেলিলো প্ৰথম চকু
তোমাৰ কোলাতে আই
জনমৰ আদিম পুৱাত,
মুদিম আকৌ চকু
তোমাৰ কোলাতে শুই
জীৱ্নৰ শেষ সন্ধিয়াত,
মৰাৰ পিছতো যেন
পাওঁহি অকৌ ঠাই
চেনেহৰ শীতলী কোলাত
………………………..
মৰিলে পুনৰ আহি
দুখিয়া দেশতে মোৰ
লওঁ যেন পুনৰ জ্নম..." ( "জ্নমভুমি": নলিনীবালা দেৱী)
বিভিন্ন কাৰনত নিজৰ মাতৃভূমি এৰি, নিজা পৰিয়ালৰ উমাল সংগ এৰি, নিজা ঘৰ খন এৰি যি সকলে প্ৰবাসত জীৱ্ন কটাব লগা হয়, তেওলোকেহে ভালকৈ বুজে আপোন ঘৰৰ শীতলী কোলাৰ মায়া | সকলো সময়তে ভ য় হৈ থাকে জানোচা প্ৰবাসত ডাঙৰ হোৱা প্ৰজ্ন্মই হেৰুৱাই পেলাই মাতৃভূমিৰ শিপা | বহু সময়্ত এই আশংকা সত্যও হ্ য় |
মুম্বাইৰ প্ৰবাসী অসমীয়াই 'গগনা' ৰে ধৰি ৰাখিব খূজিছে নিজৰ জ্নমভূমিৰ সৈতে শিপাৰ স ম্পৰ্ক | গগনাই বিছাৰিছে চেনেহৰ জ্নমভূমিৰ সৈতে ঘনিষ্ঠ স ম্পৰ্ক অটুট থাকক |
মোৰো আশা 'গগনা' বাজি ৰওঁক অপোন সুৰেৰে.. ...
- অৰূপা পতংগীয়া কলিতা
৮ / ১২ /২০১৬
(সাহিত্য একাদেমী ব্টা বিজেটা )
অৰূপা পতংগীয়া কলিতা
সাহিত্য একাদেমী ব্টা বিজেটা